বটদ্ৰৱা থান
পুৰুষোত্তম ঠাকুৰ জয় জয় বটদ্ৰৱা বৈকুন্ঠ দুতয়। সেহি থানে নিজগুৰু ভৈলন্ত উদয়।। সেহি থানে নিজগুৰু পাৰিলন্ত পাট। ৰাম নাম মহাৰত্ন বেসাইলন্ত হাট।। মধ্যে পদশিলা দক্ষিণতে নামঘৰ। মণিকুট গৃহ বান্ধি ৰহিলা শঙ্কৰ।। দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্ম্মিলা। সাতো বৈকুন্ঠ চিহ্ন আঁকিয়া দেখাইলা।।…