Skip to content

বটদ্ৰৱা থান

পুৰুষোত্তম ঠাকুৰ 

জয় জয় বটদ্ৰৱা বৈকুন্ঠ দুতয়।

সেহি থানে নিজগুৰু ভৈলন্ত উদয়।।

সেহি থানে নিজগুৰু পাৰিলন্ত পাট।

ৰাম নাম মহাৰত্ন বেসাইলন্ত হাট।।

মধ্যে পদশিলা দক্ষিণতে নামঘৰ।

মণিকুট গৃহ বান্ধি ৰহিলা শঙ্কৰ।।

দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্ম্মিলা।

সাতো বৈকুন্ঠ চিহ্ন আঁকিয়া দেখাইলা।।

পশ্চিমে শিলিখাবৃক্ষ হালিয়া আছয়।

তাহাতে আউজি গুৰু পুস্তক লিখয়।।

উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ।

মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।

চাৰিফালে চাৰিহাটী মহাভক্তগণ।।

চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন।।

সেহি থানে নিজগুৰু কৰিলন্ত বাস।

কহয় পুৰুষোত্তম দাসৰো দাস।